স্মৃতিশক্তি, বুদ্ধিমত্তা আৰু ৰুবিক্স কিউব
Cubing

সাধাৰণতে পুতলা সামগ্ৰীৰ দোকান, উৎসৱ, পূজা-মেলা আদিত সহজতে কিনিবলৈ পোৱা ৰুবিক্স কিউবৰ বিষয়ে নজনা মানুহৰ সংখ্যা তেনেই কম । কণমানি শিশু এগৰাকীৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক ব্যক্তি এগৰাকীলৈ, সকলোৱে এই সামগ্ৰীবিধ খেলি আমোদ পায়, সেয়া হয়তো শিশুৰ বাবে ৰঙৰ খেলা, নতুবা প্ৰাপ্তবয়স্ক এগৰাকীৰ বাবে এক কঠিন গাণিতিক সমস্যা। পিছে এই সাধাৰণ পুতলা সামগ্ৰীবিধৰ ভিতৰত এখন বিশাল পৃথিৱী লুকাই আছে । আহক, ৰুবিক্স কিউবৰ এই  জগতখনৰ বিষয়ে কিছু কথা শিকো ।

ৰুবিক্স কিউব কি?

১৯৭৪ চনত হাংগেৰীৰ বুডাপেষ্ট চহৰত বাস কৰা এগৰাকী অধ্যাপক আৰ্নো ৰুবিকে (Erno Rubik) এটা ঘনক (Cube) আকৃতিৰ ৰঙীন আৰু আকৰ্ষণীয় সামগ্ৰী সাজি উলিয়ায় । স্ৰষ্টাগৰাকীৰ উপাধিৰে নামাকৰণ কৰা এই  সামগ্ৰীবিধ পিছলৈ ৰুবিক্স কিউব (Rubik’s Cube) নামেৰে জনাজাত হৈ পৰে । ৰুবিক্স কিউবৰ সৃষ্টিৰ মাত্ৰ ৬ বছৰৰ মূৰতেই ই বিশ্বৰ সৰ্বাধিক সংখ্যক বিক্ৰী হোৱা পুতলা সামগ্ৰীৰ (Best selling toy, 1980) খিতাপ অৰ্জন কৰে । জনপ্ৰিয়তাৰ সমান্তৰালকৈ ৰুবিক্স কিউবৰ সমাধান বিচাৰিও বিভিন্নজনে অধ্যয়ন আৰম্ভ কৰে আৰু ইয়াৰ লগে লগে ৰুবিক্স কিউবে বিশ্বব্যাপী খ্যাতি লাভ কৰে ।

ৰুবিক্স কিউবৰ গঠন (mechanism)

ৰুবিক্স কিউবটো দীঘ, প্ৰস্থ আৰু উচ্চতাই তিনিটা ব্লকৰ (block) সমান । সেয়েহে ইয়াক ৩×৩×৩ কিউব (3×3×3 cube) বুলিও কোৱা হয় । ঘনক আকৃতিৰ হোৱা হেতুকে ইয়াৰ ৬ খন পিঠি (6 sides) আৰু প্ৰতিখন পিঠি ক্ৰমানুসৰি ৰঙা, কমলা, সেউজীয়া, নীলা, হালধীয়া আৰু বগা ৰঙী । ৰুবিক্স কিউবত তিনি ধৰণৰ অংশ (piece) থাকে –

center piece (৬ টা)

edge piece (১২ টা)

corner piece (৮ টা)

এই আটাইবোৰ piece ক ধৰি ৰাখিবলৈ কিউবটোৰ মাজত এটা core piece থাকে ।

ৰুবিক্স কিউব এটা সমাধান কৰাটো কিয় কঠিন?

৪৩,২৫২,০০৩,২৭৪,৪৮৯,৮৫৬,০০০

ওপৰত উল্লেখিত সংখ্যাটো আপুনি পঢ়িব পৰিছেনে? এয়া হৈছে ৪৩ কুইনটিলিয়ন (43 quintillion) । ই এটা যথেষ্ট ডাঙৰ সংখ্যা । পিছে এই সংখ্যাৰ এটা বিশেষ মহত্ব থকা বাবেহে আমি ইয়াৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ ।

ই হৈছে এটা ৰুবিক্স কিউবক যাদৃচ্ছিকভাৱে (randomly) খেলি-মেলি (scramble) কৰিব পৰা সৰ্বমুঠ সম্ভাৱনা (total number of possible combinations) । ই কিমান ডাঙৰ সংখ্যা, এটা উদাহৰণৰ সহায়ত বুজোঁ আহক –

ধৰি লওক আপোনাৰ হাতত এটা ইতিমধ্যে সমাধান হৈ থকা ৰুবিক্স কিউব আছে । আপুনি কিউবটো নিজ ইচ্ছা অনুসৰি খেলি-মেলি (scramble) কৰক । এতিয়া কিউবটোৰ আটাইবোৰ ৰং সানমিহলি হৈ যাব । এই অৱস্থাটোক আপুনি এটা combination বুলি গণ্য কৰক আৰু এখন কাগজত এই combination টো অংকন কৰক । তাৰ পিছত আপুনি কিউবটো পুনৰ খেলি-মেলি (scramble) কৰক আৰু নতুনকৈ দেখা দিয়া combination টো নতুন এখন কাগজত অংকন কৰক । নতুন কাগজখন এইবাৰ আগৰ কাগজখনৰ ওপৰত স্তূপীকৃত (stack) কৰক । এই প্ৰক্ৰিয়াটো অব্যাহত ৰাখিলে আপোনাৰ কাগজৰ 

দ’মটো ৪৩ কুইনটিলিয়ন পাওঁতে কিমান ওখ হ’ব বাৰু? Eiffel Tower, Big Ben নে the Burj Khalifa ৰ সমান? 

নহয়, আপোনাৰ কাগজৰ দ’মটো পৃথিৱীৰ পৰা গৈ প্লুটো (Pluto) পাব, প্লুটোৰ পৰা আকৌ ঘূৰি আহি পৃথিৱী পাব! এই যাত্ৰাক যদি আমি এটা পাক (1 lap) বুলি গণ্য কৰোঁ, তেন্তে ৪৩ কুইনটিলিয়ন খন কাগজ স্তূপ (stack) কৰিবলৈ আপুনি সৰ্বমুঠ ৭২৮ টা পাক (728 laps) অতিক্ৰম কৰিব লাগিব । তেনে কৰিলেহে আপুনি ৰুবিক্স কিউবৰ possible combinations খিনি কাগজত আঁকি শেষ কৰিব পাৰিব । আৰু এই আটাইবোৰ কাগজৰ ভিতৰৰপৰা আপোনাৰ কাম হ’ব এনে এখন কাগজ বিচাৰি উলিওৱা, যিখনত অংকন কৰা ৰুবিক্স কিউবৰ চিত্ৰটোত ৬ খন পিঠিয়েই সমাধান হৈ আছে । ৪৩ কুইনটিলিয়ন কাগজৰ মাজৰ মাত্ৰ এখন কাগজতহে এই চিত্ৰটো অংকিত থাকিব ।

সেয়েহে ৰুবিক্স কিউব সমাধান কৰাটো যথেষ্ট কঠিন ।

ৰুবিক্স কিউব এটা সমাধান কৰাটো কিয় সহজ?

ওপৰত উল্লেখিত কথাখিনি পঢ়ি হয়তো ৰুবিক্স কিউব সমাধান কৰাটো আপোনাৰ দ্বাৰা অসম্ভৱ বুলিয়েই ভাবি লৈছে । কিন্তু দৰাচলতে ইয়াৰ সমাধান প্ৰক্ৰিয়া ইমান জটিল নহয় ।

আমি সকলোৱে গণিতত সূত্ৰৰ বিষয়ে পঢ়িছোঁ । ঠিক তেনেদৰে ৰুবিক্স কিউব সমাধান কৰোঁতেও কিছুমান সূত্ৰৰ (algorithm) ব্যৱহাৰ কৰা হয় ৷ তেনে এটা সূত্ৰ তলত লিখিছোঁ –

R U R’ U’ R’ F R2 U’ R’ U’ R U R’ F’

দেখিবলৈ জটিল যদিও ইয়াৰ অৰ্থ থুলমূলকৈ এনেধৰণৰ –

R = Right face rotate 90° clockwise

U = Upper face rotate 90° clockwise

F = Front face rotate 90° clockwise

R2 = Right face rotate 180° clockwise

R’ = Right face rotate 180° counter clockwise

ইত্যাদি…

এনেধৰণৰ algorithm বোৰে কোনখন পিঠি কেইপাক ঘূৰাব লাগে, তাক নিৰ্দেশ কৰে ।

এনে ১০-১২টা মান algorithm মনত ৰাখিয়েই আমি এটা ৰুবিক্স কিউব সমাধান কৰিব পাৰো । সেয়েহে ৰুবিক্স কিউব সমাধান কৰাটো সহজ ।

ৰুবিক্স কিউব অনুশীলন কৰি কেনেকৈ লাভান্বিত হব পাৰি?

ৰুবিক্স কিউব অনুশীলন কৰাৰ আগত ইয়াৰ উপকাৰীতাৰ বিষয়ে জানো আহক । কিউব অনুশীলনৰ দ্বাৰা আমি বিভিন্নধৰণে উপকৃত হব পাৰো । ই যিহেতু এটা মানসিক খেল, ইয়াক অনুশীলন কৰিবলৈ আমাক কোনোধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰয়োজন নহয়, লগতে ইয়াক অতি সহজতে কঢ়িয়াব পৰা যায় । 

ৰুবিক্স কিউবৰ দৈনিক অনুশীলনে আমাৰ মগজু আৰু হাতৰ সমন্বয় ( hand eye coordination ) বিকাশ কৰে । এই ক্ষমতা গাড়ী চালক এজনৰ পৰা আৰম্ভ কৰি পাইলট এজনলৈ, সকলোৰে বাবে দৰকাৰী । 

যিদৰে শাৰীৰিক ব্যায়ামৰ বাবে যোগাভ্যাস, জিম ( gym ) আদি হল আহিলা, ঠিক তেনেদৰে মানসিক ব্যায়ামৰ বাবে ৰুবিক্স কিউব তেনে এবিধ আহিলা । ৰুবিক্স কিউবৰ অভ্যাসে স্মৃতিশক্তি, সহজাত জ্ঞান ( intuition ), বিন্যাস স্বীকৃতি ( pattern recognition ) আদি বিকাশত সহায় কৰে । 

আজিৰ দিনত পৃথিৱীৰ বহুতো দেশত মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ মানসিক কচৰতৰ বাবে ৰুবিক্স কিউব অভ্যাস কৰোৱা হয় । অৰ্থাৎ ইয়াক এক therapy হিচাপেও ব্যৱহাৰ কৰা হয় ।

 তাৰ উপৰিও, ৰুবিক্স কিউবৰ অনুশীলনে পেশী স্মৃতি ( muscle memory ) গঠনত যথেষ্ট সহায় কৰে । এই ক্ষমতাই দৈনন্দিন জীৱনত কৰা বহুতো কামত আমাক আৰু অধিক দক্ষ কৰি তোলে ।

মনোবিজ্ঞানীসকলে মানুহৰ বুদ্ধিমত্তাক ( intelligence ) সৰ্বমুঠ ৮ টা ভাগত বিভক্ত কৰিছে । তাৰ ভিতৰৰে এটা হৈছে spatial intelligence । এই বুদ্ধিমত্তাৰ দ্বাৰা মানুহে ছবি অঁকা, সাঁথৰ সমাধান কৰা, ত্ৰিমাত্ৰিক ধাৰণা ( 3D visualization ) কৰাকে 

ধৰি বহুতো কাম সম্পন্ন কৰে । ৰুবিক্স কিউবৰ অনুশীলনে এই বুদ্ধিমত্তাৰ দ্ৰুত বিকাশ সাধন কৰে । 

ৰুবিক্স কিউব আৰু মই 

২০১২ চনৰ কথা । আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা এখনত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশ লবলৈ দেউতাৰ লগত দিল্লীলৈ গৈছিলোঁ । প্ৰতিযোগিতাৰ অন্তত ঘৰলৈ ট্ৰেইনেৰে ঘূৰি আহি থাকোঁতে মাত্ৰ ২০ টকাৰে এটা ৰুবিক্স কিউব কিনিছিলোঁ । সেয়াই আৰম্ভণি । মোৰ জীৱনৰ প্ৰথমখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল IIT গুৱাহাটীত । জীৱনৰ প্ৰথম প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলে মোক অসমৰ বাহিৰৰ প্ৰতিযোগিতাত অংশ লবলৈ অনুপ্ৰাণিত কৰিছিল । তাৰ পিছত ক্ৰমে VIT, IIT Madras, IIT Kharagpur আদিকে ধৰি ভাৰতৰ উচ্চতম শিক্ষানুষ্ঠানসমূহলৈ খেলিবলৈ গৈছিলোঁ । ২০১৪ চনৰ নৱেম্বৰ মাহত জাপানৰ ট’কিও ( Tokyo ) চহৰত অনুষ্ঠিত হোৱা Asian Championship ত ২টা গোল্ড, ১টা ব্ৰঞ্জ আৰু ২০১৫ চনৰ জুলাই মাহত ব্ৰাজিলৰ চাও পাওলোত ( Sao Paulo ) অনুষ্ঠিত হোৱা World Championship ত 3×3 blindfolded শাখাত চকুৰে নোচোৱাকৈ ২৪.৮৬ ছেকেণ্ডত ৰুবিক্স কিউব সমাধান কৰি গোল্ডৰ পদক পাবলৈ সক্ষম হৈছিলোঁ । উক্ত প্ৰতিযোগিতাত বিশ্বৰ ৩৪ খন দেশৰ পৰা প্ৰায় ৩০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ইয়াৰ লগতে Limca Book of Records আৰু Guinness Book of World Records টো নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ । পাছলৈ থাইলেণ্ড আৰু চীন দেশতো ভাৰতক প্ৰতিনিধিত্ব কৰি যোৱাৰ সৌভাগ্য হৈছিল । পিছলৈ বিশ্ব বিখ্যাত কোম্পানী RedBull এ মোৰ ওপৰত এখন চুটি চিত্ৰও নিৰ্মাণ কৰি উলিয়াইছিল । ২০১৫ চনৰ ডিচেম্বৰ মাহত অৰ্থাৎ মোৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ছোৱাত মই ৰুবিক্স কিউবৰ বিষয়ে এখন কিতাপো লিখি উলিয়াইছিলোঁ ।

বৰ্তমান সময়ত ৰুবিক্স কিউবৰ জ্ঞান প্ৰসাৰ আৰু প্ৰচাৰৰ অৰ্থে কিছু কাম কৰিবলৈ যত্ন কৰিছোঁ । ৱৰ্কশ্বপ, প্ৰতিযোগিতা, প্ৰদৰ্শনৰ দৰে পদক্ষেপ লৈ অসমত খেলবিধৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছোঁ । আশা কৰিছোঁ আগন্তুক দিনত অসমত এই খেলবিধে মৰ্যদা লাভ কৰিব ।

আপুনিও এবাৰ ৰুবিক্স কিউবটো সমাধান কৰিবলৈ চেষ্টা কৰক, কিজানি এক নতুন পৃথিৱীৰ সন্ধান পায়?